ৰাষ্ট্ৰীয়অসমীয়া

উৰণৰ প্ৰাক মুহূৰ্তত যাত্ৰীবাহী বিমানৰ ভিতৰত ওলাল নিগনি! তাৰ পিছত…

নিউজ ডেস্ক। যাত্ৰীবাহী বিমানৰ ভিতৰত ওলাল নিগনি! যাৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুঘণ্টা পলমকৈ উৰা মাৰিবলগা হ’ল বিমানখনে।

এই ঘটনা সংঘটিত হৈছে টাটা গ্ৰুপৰ দ্বাৰা পৰিচালত এয়াৰ ইণ্ডিয়াৰ এখন বিমানত।

G1 23

শ্ৰীনগৰ বিমান বন্দৰৰ পৰা জম্মু অভিমুখে উৰা মাৰিবলগা বিমানখনৰ ভিতৰত এটা নিগনি প্ৰত্যক্ষ হোৱাৰ পিছতে বিমান কৰ্মী আৰু বিষয়াসকলৰ মাজত হুৱাদুৱা লাগে।

বিমানৰ ভিতৰৰ পৰা নিগনিটো বাহিৰলৈ উলিয়াই দিয়াৰ পিছতহে প্ৰায় দুঘণ্টা পলমকৈ শ্ৰীনগৰ বিমান বন্দৰৰ পৰা উৰা মাৰে এআই৮২২ যাত্ৰীবাহী বিমানখনে।

বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিচালনা সঞ্চালকালয়ে (ডিজিচিএ) ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, যাত্ৰীবাহী বিমানখনে দুপৰীয়া ২ বজাত শ্ৰীনগৰ বিমান বন্দৰৰ পৰা উৰা মাৰিব লাগিছিল যদিও নিগনিৰ বাবে দুঘণ্টা পলমকৈ অৰ্থাৎ ৪.১০ বজাত উৰণ আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *