ইফতাৰ খালে আমি মুছলমান হৈ যাওঁ নেকি?বিহু নিঃসন্দেহে ধৰ্মীয় পৰ্বঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য…

নিউজ ডেস্ক। ‘ইফতাৰ খালে আমি মুছলমান হৈ যাওঁ নেকি?’

‘হনুমান জয়ন্তীৰ লগত যদি বিহু পতাত আপত্তি আছে তেন্তে ঈদৰ লগত বিহু পতাতো কিমান সমীচিন?’

এই মন্তব্য কৰিছে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

কিছুদিন পূৰ্বে মাৰোৱাড়ী যুৱ মঞ্চ, ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত কৰা লুইতপৰীয়া বিহু সন্মিলনখনিত বিহু সম্বন্ধীয় অনুষ্ঠান নাৰাখি হনুমান জন্মোৎসৱ শোভাযাত্ৰা অনুষ্ঠিত কৰা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ এই মন্তব্য কৰে তেওঁ।

তেওঁ কয়- ‘মাৰোৱাড়ী সম্প্ৰদায়ে বিহু পাতিবলৈ লৈছিল। সেই একে সময়তে হনুমান জয়ন্তী আছিল। যিহেতু দুয়োটা হিন্দুৰ পৰ্ব, সেয়ে তেখেত সকলে সেইভাৱে লৈছিল।’

তেওঁ লগতে কয়- ‘কিন্তু কালি যেতিয়া জাপিৰ ওপৰত ঝাড়ু থলে আমি মাত নামাতিম নেকি। যদি বিহু ধৰ্মীয় পৰ্ব নহয় তেন্তে হুচৰি গোৱাৰ আগত ৰাম বা কৃষ্ণৰ নাম লৈ কিয় আৰম্ভ কৰা হয়। বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব।’

‘বেলেগে পাতে নাপাতে তেওঁলোকৰ কথা। খ্ৰীষ্টমাছ পাতিলেই আমি খ্ৰীষ্টান হৈ নাযাও বা ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও। কিন্তু যদি নিৰপেক্ষভাৱে চাই তেন্তে দেখিব ই ধৰ্মীয় পৰ্ব।’- সিদ্ধাৰ্থ ভট্টাচাৰ্য।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

G3 21
ইফতাৰ খালে আমি মুছলমান হৈ যাওঁ নেকি?বিহু নিঃসন্দেহে ধৰ্মীয় পৰ্বঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য... 2

Leave a Comment