নিউজ ডেস্ক। শেহতীয়াকৈ ক’ভিড-১৯ৰ নতুন অমিক্ৰ’ন ভেৰিয়েণ্টক লৈ দেশজুৰি অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে।
ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত এই ভেৰিয়েণ্টৰ সংক্ৰমণত ২১ জনকৈ লোক চিনাক্ত হােৱা বুলি প্ৰকাশ পাইছে।
ইপিনে, অ’মিক্ৰনৰ ফলত দেশত অচিৰে ক’ৰনাৰ তৃতীয় ঢৌ আহিব পাৰে যদিও এয়া মাৰাত্মক নহয় বুলি মত প্ৰকাশ কৰিছে জ্যেষ্ঠ চিকিৎসকসকলে।
হায়দৰাবাদৰ বিবিনগৰৰ এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ বিকাশ ভাটিয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে যদিও এই নতুন ভাইৰাছটোৰ লক্ষণ এতিয়াও সম্পূৰ্ণৰূপে নিৰ্দ্ধাৰণ হোৱা নাই, তথাপি এয়া মাৰাত্মক নোহোৱাৰ সম্ভাৱনাই অধিক, কিয়নো বিশ্বৰ ক’তো অ’মিক্ৰনত মৃত্যুৰ তথ্য এইপৰ্যন্ত নাই।
বিশেষজ্ঞ চিকিৎসকজনে লগতে কয় যে ইতিমধ্যো দেশত প্ৰায় ১২৭ কোটি লোকক ভেকচিন দিয়া হৈছে। ফলত ‘হাইব্ৰিড ইমিউনিটী’ গঢ়ি উঠা শৰীৰত এই নতুন ভাইৰাছে সংহাৰী ৰূপ ল’ব নোৱাৰিব বুলিয়ে চিকিৎসক বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।
People with ‘hybrid immunity’ are better protected from Omicron: Dr. Vikas Bhatia, Executive Director, AIIMS (Bibinagar), Hyderabad#LargestVaccineDrive@PMOIndia @mansukhmandviya @ianuragthakur @DrBharatippawar @PIB_India @COVIDNewsByMIB @mygovindia @airnewsalerts @DDNewslive pic.twitter.com/ZSRw8zikht
— Ministry of Health (@MoHFW_INDIA) December 5, 2021
উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ২৫ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত চিনাক্ত অ’মিক্ৰনৰ বিষয়ে ৰাজহুৱা কৰিছিল।
লগতে চাওকঃ









