ভয়ংকৰ দুৰ্ঘটনা! স্কুটী আৰোহীক পিছফালৰ পৰা খুন্দা তীব্ৰবেগী ট্ৰাকৰ, বিজেপিৰ মহিলা সদস্যাৰ মৃত্যু

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

স্কুটী আৰোহীক পিছফালৰ পৰা খুন্দা এখন তীব্ৰবেগী ট্ৰাকৰ।

দুৰ্ঘটনাটোৰ ফত বিজেপিৰ কাৰ্যকৰ্তা তথা আত্মসহায়ক গোটৰ এগৰাকী সদস্যাৰ মৃত্যু হয়।

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

মৃত্যু হোৱা মহিলাগৰাকী পূজা দেবী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পূজা দেবীয়ে ওচৰৰ এখন সভালৈ নিজ স্কুটীৰে গৈ থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয়।

পিছ ফালৰ পৰা তীব্ৰ বেগেৰে ট্ৰাকে খুন্দিওৱাৰ ফলত প্ৰথম অৱস্থাত গুৰুতৰভাৱে আহত হয় পূজা দেবী। পিছত উন্নত চিকিৎসাৰ বাবে পূজা দেবীক গুৱাহাটীলৈ নিয়া হয় যদিও মৃত্যু হয়।

দুই কণমানি সন্তানৰ মাতৃ পূজাৰ মৃত্যুই শোকস্তব্ধ কৰি তুলিছে সকলোকে।

ইফালে দুৰ্ঘটনাটোৰ পিছতে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস নিশাই পূজাৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

লগতে পৰিয়ালটোক সৰ্বতোপ্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।