দলঙৰ ৰেলিঙত খুন্দিয়াই ৩০ ফুট তলত পৰিল ৱেগন-আৰ বাহন

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দলঙৰ ৰেলিঙত খুন্দিয়াই পথৰ পৰা প্ৰায় ৩੦ ফুট তলত পৰিল এখন মাৰুতি ৱেগন-আৰ বাহন।

ধেমাজী জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

22

জানিব পৰা মতে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাপথাৰৰ জলকীয়া সূঁতি অংশত পুৱাতে সংঘটিত হয় এই দুৰ্ঘটনা।

ৰাতিপুৱা ৯ বজাত ধেমাজিৰ পৰা শদীয়া অভিমুখে গৈ থকা এএছ ০৭ চি ২৫৭৫ নম্বৰৰ এখন মাৰুতি ৱেগন-আৰ বাহন দলঙৰ মূৰত খুন্দিয়াই প্ৰায় ৩০ ফুট দলঙৰ তলত বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চালক ৪০ বছৰীয়া দেৱজিৎ দত্ত গুৰুতৰভাৱে আহত হয়।

ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ আহত দেৱজিৎ দত্তক ততাতৈয়াকৈ চিলাপথাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন লোকক কান্ধত কঢ়িয়াই প্ৰশংসিত মহিলা আৰক্ষী

G2

Leave a Comment