উভয় সদনত গৃহীত হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভাগৰ দুখনকৈ বিধেয়ক…

বুধবাৰে উভয় সদনত গৃহীত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভাগৰ দুখনকৈ বিধেয়ক।

ৰাষ্ট্ৰীয় হোমিঅ’পেথি(সংশোধনী)বিধেয়ক-২০২১ আৰু ভাৰতীয় চিকিসা প্ৰণালী ৰাষ্ট্ৰীয় আয়োগ(সংশোধনী)বিধেয়ক-২০২১ দুখন ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনতে গৃহীত হয়।

এই বিধেয়ক দুখন গৃহীত হোৱাৰ পাছতে দেশত হোমিঅ’পেথিক চিকিৎসা আৰু ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যাৱস্থাই অধিক গতি লাভ কৰিব বুলি আশা ব্যক্ত কৰে সোণোৱালে।

আনহাতে সদনত বিধেয়ক দুখন গৃহীত হোৱাৰ পাছতে উভয় সদনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জনায় বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যাৱস্থাক এতিয়া সমগ্ৰ বিশ্বই বৈজ্ঞানিক চিন্তাধাৰাৰে আকোৱালি লৈছে বুলি সোণোৱালে সদনত যুক্তি দাঙি ধৰে।

Leave a Comment