অসম

শোকাৱহ! শুই থকা অৱস্থাতে বজ্ৰপাতত কৰুণ মৃত্যুক সাৱটিলে আইতাক আৰু নাতি ল’ৰাই…

এক শোকাৱহ ঘটনা!

শুই থকা অৱস্থাতে বজ্ৰপাতত কৰুণ মৃত্যুক সাৱটিলে আইতাক আৰু নাতি ল’ৰাই।

চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত দীপু আঠিয়াবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা।

নিশা শুই থকা অৱস্থাতে বজ্ৰপাতৰ ফলত অকালতে মৃত্যু মুখত পৰে একেটা পৰিয়ালৰে আইতাক আৰু নাতি ল’ৰাই।

পুৱাৰ ভাগত একাংশ লোকে গাঁওখনৰ বাসিন্দা তথা প্ৰয়াত ভাদু চৰেণৰ পত্নী সুৰুয মনি মুৰ্মু (৫৭) আৰু তেওঁৰে নাতি ল’ৰা তথা প্ৰয়াত যুগল মুৰ্মুৰ পুত্ৰ মংগল মুৰ্মুক (১৩) বিচনাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি চিদলী আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত দুয়োজন শুই থকা অৱস্থাত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰে।

আনহাতে বজ্ৰপাতত পৰিয়ালটোৰ গোহালিৰ গৰু এটাৰো মৃত্যু হয়।

আইতাক আৰু নাতি ল’ৰাৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিবলৈ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰস্থিত জে এছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আইতাকৰ সৈতে নাতি ল’ৰা জনৰ অকাল মৃত্যুত গাঁও খনত পৰিছে শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *