ৰাষ্ট্ৰীয়

উফ্ ৰক্ষা! শীঘ্ৰেই বন্ধ হ’ব ক’ভিডৰ কলাৰ টিউন…

আপোনাৰ ম’বাইলত শুনা নাযাব ক’ভিডৰ কলাৰ টিউন।

শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে COVID-19ৰ কলাৰ টিউন বন্ধ কৰিব।

দুবছৰৰো অধিক সময় কভিডে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে সাধাৰণ নাগৰিকক সজাগতা অনাৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণৰ লক্ষ্যৰে এই কলাৰ টিউন ব্যৱহাৰ কৰা হৈছিল।

ক’ভিডৰ প্ৰতি গ্ৰাহকক সজাগ কৰাৰ উদ্দেশ্যে স্থানীয় ভাষাতে সকলোৱে বুজিব পাৰাকৈ এই কলাৰ টিউন ব্যৱহাৰ কৰা হৈছিল।

প্ৰতিটো ম’বাইল কোম্পানীয়ে কোনো লোকক ফোন কৰাৰ সময়ত গ্ৰাহকৰ কাণত পৰাকৈ COVID19 কলাৰ টিউন ব্যৱহাৰ কৰিছিল।

প্ৰথমতে বিশেষ কণ্ঠত আৰু পিছলৈ জনপ্ৰিয় তাৰকাৰ কণ্ঠত শুনা গৈছিল এই কলাৰ টিউন।

কিন্তু শেহতীয়াভাৱে ক’ভিডৰ ভয়াৱহ পৰিস্থিতিয়ে পাইছে স্বাভাৱিক ৰূপ।

পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *