অসম

উপ-স্বাস্থ্যকেন্দ্ৰত ওলাল একুৰি ফেটী সাপ…

নিউজ ডেস্ক। নলবাৰী জিলাৰ হেলচা উপ-স্বাস্থ্যকেন্দ্ৰত বিষাক্ত সাপ আৰু কণীক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, সােমবাৰে পুৱা উপ-স্বাস্থ্যকেন্দ্ৰৰ কাৰ্যালয় খোলাৰ পিছতেই ২০ ডাল ফেটী আৰু কেইবাটাও কণী কাৰ্যালয়ৰ আলমিৰাৰ তলত প্ৰত্যক্ষ কৰাৰ লগে লগে হুৱাদুৱা লাগে কাৰ্যালয়ৰ ভিতৰত।

a1

ইয়াৰ লগে লগে ৰোগীৰ চিকিৎসা আৰু কাৰ্যালয়ৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

G2

পিছত ঘটনা সন্দৰ্ভত বন বিভাগৰ স’তে যোগাযোগ কৰা বুলি জানিবলৈ দিয়ে স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীয়ে।

E-p4-Sj-AUUAI0-ATy

বন বিভাগৰ উত্তৰ কামৰূপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীয়ে উপস্থিত হৈ সাপকেইডাল নিজৰ জিম্মাত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *