অসম

শিক্ষক সমাজক ক্ষমা বিচাৰিলে শিক্ষামন্ত্রী ৰণোজ পেগুৱে! কিন্তু কিয়?

শিক্ষক সমাজক ক্ষমা বিচাৰিলে শিক্ষামন্ত্রী ৰণোজ পেগুৱে।

শিক্ষক দিৱসৰ দিনটোতে ৰাজ্যিক কৃতী শিক্ষক বঁটা প্রদান অনুষ্ঠানত গুৱাহাটীত সৃষ্টি হোৱা অনাহক পৰিৱেশক লৈ শিক্ষকসকলক ক্ষমা খুজিলে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

সোমবাৰে তিতাবৰত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সূতা বেংক উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে কয় যে, শিক্ষক দিৱসৰ অনুষ্ঠানত এক অনাহক পৰিৱেশ সৃষ্টি হ’ল৷ যদি শিক্ষকসকলে দুখ পাইছে, তেন্তে শিক্ষকসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ৷

অনাগত দিনত এনে ভুল নহয় বুলি প্রতিশ্রুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, শিক্ষক দিৱসৰ দিনা ৰাজ্যৰ কৃতী শিক্ষকসকলক বঁটা প্রদান অনুষ্ঠানত শিক্ষামন্ত্রীগৰাকীয়ে কেৱল ছয়গৰাকী শিক্ষকক বঁটা প্রদান কৰি ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰি সভা সামৰণি মাৰিছিল৷

বহুকেইগৰাকী কৃতী শিক্ষকক বঁটা প্রদান কৰিবলৈ মাতি আনি বঁটা প্রদান নকৰাকৈ সভা সামৰণি কৰাত শিক্ষকসকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছিল৷

ফলত ,সোমবাৰে শিক্ষামন্ত্রীগৰাকীয়ে তিতাবৰত শিক্ষকসকলৰ ক্ষোভ প্রশমিত কৰিবৰ কাৰণে ক্ষমা বিচাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *