হৃদয় পৰিৱৰ্তন! কুখ্যাত ডকাইত ৰাজুৰ আত্মসমৰ্পণ, ৰাইজক ক্ষমা প্ৰাৰ্থনা

নিউজ ডেস্ক। বৰাক তথা শিলচৰৰ আলগাপুৰৰ কুখ্যাত ডকাইত ৰাজু বৰভূঞাৰ আত্মসমৰ্পণ।

বিগত কেইবা বছৰ ধৰি অঞ্চলটােত সন্ত্ৰাস সৃষ্টি কৰি অহা ৰাজুৱে অৱশেষত আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত।

বন্দুক তথা গুলীসহ সামগ্ৰী জমা দি দেওবাৰে শালচাপড়া আৰক্ষীৰ ওচৰত কৰে আত্মসমৰ্পণ।

এই সন্দৰ্ভত শিলচৰ সদৰ আৰক্ষী বিষয়া বিপুল বৰাই কয় যে, যোৱা কেইবা বছৰ ধৰি আমি শালচাপড়াৰ ৰাজুৰ বিৰুদ্ধে অভিযান চলাইছিলো। কেইদিনমান পূৰ্বে তেওঁ আত্মসমৰ্পণৰ বাবে গাঁও পঞ্চায়তৰ দ্বাৰা আমাৰ সৈতে যোগাযোগ কৰিছিল। দেওবাৰে দুপৰীয়া ১১:২০ বজাত তেওঁ শালচাপড়া আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। তেওঁ এটা বন্দুক আৰু চাৰি জাঁই গুলী আৰক্ষীক জমা দিয়ে। তেওঁৰ বিৰুদ্ধে বহুতো গোচৰ পঞ্জীয়ন হৈ আছে। সেই সমূহৰ এতিয়া বিচাৰ চলিব। তেওঁ মূলসূঁতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত লোৱটো আদৰণীয় পদক্ষেপ।

সাংবাদিকৰ আগত ৰাজুৱে কয়, “মই আত্মসমৰ্পণৰ বাবে আগবাঢ়িছো। পূৰ্বতে কৰা কামৰ কাৰণে ক্ষমা বিছাৰিছো। যোৱা ৩/৪ বছৰে কৰা কামবোৰ পাহৰিব বিছাৰিছো। ডকাইতৰ পৰিৱৰ্তে সমাজত এজন সাধাৰণ লোক হিচাপে থাকিব বিচাৰো। মই এতিয়া পৰিয়ালৰ সৈতে জীৱন কটাব বিচাৰো।”

Leave a Comment