উপ-নিৰ্বাচনঃ বিটিআৰৰ দুটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা UPPLৰ…

ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ-নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ইউপিপিএল দল।

দেওবাৰে কোকৰাঝাৰত UPPL দলে বিটিআৰৰ দুটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

ইয়াৰে ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বাবে এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা বিটিচিৰ প্ৰাক্তন এমচিএল জিৰন বসুমতাৰীক আৰু ৫৮ নং তামোলপুৰ বিধানসভা সমষ্টিত জলেন দৈমাৰীক প্ৰাৰ্থীত্ব হিচাপে প্ৰক্ষেপ কৰিছে৷

কোকৰাঝাৰ বডোফা নগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যকাৰী সভাপতি ৰৌনগৌড়া নাৰ্জাৰীয়ে এক সংবাদমেল যোগে ইউপিপিএল প্ৰাৰ্থীত্বৰ কথা ঘোষণা কৰে।

লগতে বিটিআৰৰ দুয়োটা সমষ্টিতে ইউপিপিএলৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হব বুলি দাবী কৰে৷

বিটিআৰত মিত্ৰজোঁটে মিলি নিৰ্বাচনী যুঁজত অবতীৰ্ণ হব আৰু ভৱানীপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ দলীয় প্ৰাৰ্থীক ইউপিপিএল দলে সহায় কৰিব বুলি সংবাদমেলত সদৰি কৰিছে ৰৌণগৌড়া নাৰ্জাৰীৱে।

Leave a Comment