অসম

উপ নিৰ্বাচনঃ মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিলে কংগ্ৰেছে…

ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।

নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধি প্ৰতিটো ৰাজনৈতিক দল।

ইয়াৰ মাজতে উপ নিৰ্বাচনত মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াৰ কথা উল্লেখ কৰিছে কংগ্ৰেছ দলে।

দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

ইতিমধ্যে মৰিয়নি, থাওৰা, গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম হাই কামাণ্ডলৈ প্ৰেৰণ কৰিছে বুলিও জানিবলৈ দিয়ে সভাপতি বৰাই।

ইয়াৰ বিপৰীতে সংবাদমেলত ভৱানীপুৰ সমষ্টিটো ৰাইজৰ দলক এৰি দিব নে নিদিয়ে সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত ল’বলৈ এতিয়াও বাকী আছে বুলি কয়।

লগতে ভূপেন বৰাই বিজেপিৰ সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰাৰ স্বাৰ্থত অসমৰ সকলো দল একত্ৰিত হোৱাৰ বাবে এয়া চৰম সময় বুলি সংবাদমেলত মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *