উদ্ধাৰৰ সময়ত ৰাজফেঁটীৰ দংশন! প্ৰখ্যাত সাপ উদ্ধাৰকাৰী ভৱ সুৰেশৰ অৱস্থা সংকটজনক

নিউজ ডেস্ক। সৰ্প উদ্ধাৰৰ সময়ত ৰাজফেঁটীৰ দংশনৰ বলি হয় দেশৰ জনপ্ৰিয় সাপ উদ্ধাৰকাৰী ভৱ সুৰেশ।

কেৰেলাৰ কোট্টায়াম জিলাত এডাল ৰাজফেঁটী উদ্ধাৰৰ সময়ত সাপডালে দংশন কৰে ভৱ সুৰেশক। লগে লগে তেওঁক স্থানীয় লোকে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰে।

25

স্থানীয় লোকে কেমেৰাত আৱদ্ধ কৰা এটা ভিডিঅ’ত ৰাজফেঁটী সাপডালে ৪৭ বছৰীয়া ভৱ সুৰেশক দংশন কৰা দেখা পোৱা গৈছে।

সুৰেশে কোট্টায়াম জিলাৰ কুৰিচি গাঁৱত সাপ উদ্ধাৰ কৰি থকাৰ সময়তে এই অঘটন ঘটে।

FKg-ZGIn-VEAEVa7q

ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, সুৰেশে ৰাজ ফেঁটীডাল এখন বগা মোনাৰ ভিতৰত ভৰাবলৈ লওঁতেই সাপডালে তেওঁৰ আঁঠুৰ ওপৰত দংশন কৰে। কিন্তু সাপৰ দংশনৰ পিছতো ভৱ সুৰেশে সাপডাল কৰায়ত্ত কৰি মোনাৰ ভিতৰত ৰাখিবলৈ সক্ষম হয়।

ইফালে স্থানীয় লোকে ততাতৈয়াকৈ সুৰেশক স্থানীয় এখন ব্যক্তিগত হাস্পতাললৈ লৈ যায়।

চিকিৎসকে জানিবলৈ দিয়া মতে, হাস্পতাললৈ নিয়াৰ সময়ত ভৱ সুৰেশ অচেতন অৱস্থাত আছিল।

FKg-Kozm-VQAE9-Ik6

বৰ্তমান তেওঁক এন্টি-ভেনম প্ৰদান কৰা হৈছে যদিও স্বাস্থ্য এতিয়াও সংকটজনক বুলি জানিবলৈ দিয়ে চিকিৎসকে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অনেক বাৰ সাপ উদ্ধাৰৰ সময়ত দংশনৰ বলি হৈছে ভৱ সুৰেশ।

FKgaw-Ywag-Ac-HJdx

২০২০ চনত, বিষাক্ত সাপে দংশন কৰাৰ ফলত তিৰুৱন্তপুৰমৰ এখন চিকিৎসালয়ৰ আই চি ইউত এসপ্তাহতকৈও অধিক সময় চিকিৎসাধীন হৈ থাকিবলগা হৈছিল।

লগতে চাওকঃ

অস্বাভাৱিকভাৱে হ্ৰাস লুইতৰ জলস্তৰ, ধুবুৰীত আবদ্ধ অর্ধশতাধিক বাংলাদেশী জাহাজ

3-1

Leave a Comment