
উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডঃ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ…
উত্তৰ প্ৰদেশৰ লখিমপুৰ হিংসাৰ গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ গ্ৰেপ্তাৰ।
বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ অভিযুক্ত আশীষ মিশ্ৰ।
প্ৰায় এসপ্তাহৰ পিছত শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় মন্ত্ৰী তনয়ক।
শনিবাৰে প্ৰায় ১২ ঘণ্টা সময় আৰক্ষীয়ে সোধা-পোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে আশীষক।
ডিআইজি উপেন্দ্ৰ আগৰৱালে সদৰি কৰা অনুসৰি, আশীষ মিশ্ৰাই তদন্তত সহযোগ কৰা নাছিল আৰু সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰাৰ পুত্ৰ আশীষ মিশ্ৰাক নিশা দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল।
আৰক্ষীয়ে তেওঁক জিম্মাত বিচাৰিছিল যদিও আদালতে মিশ্ৰাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে যোৱা ৩ অক্টোবৰত লখিমপুৰ খেৰীৰ টিকুনিয়া অঞ্চলত এক ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
শান্তিৰে সমদল কৰি যোৱা কৃষকৰ এটা দলক পিছফালৰ পৰা বাহনেৰে মহতীয়াই নিছিল আশীষ আৰু তেওঁৰ বাহিনীয়ে।
এই ঘটনাৰ ফলত মৃত্যু হৈছিল ৯ জন ব্যক্তিৰ।





