গৰুখুঁটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছেঃ হিমন্ত বিশ্ব শৰ্মা…

অসমৰ ভূমি সুৰক্ষিত কৰাৰ নিৰ্ণায়ক যুঁজ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ গৰুখুঁটি।

ধলপুৰ শিৱ মন্দিৰ অঞ্চলৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত বেদখলকাৰীৰ কবলত থকা সমগ্র ভূমি উদ্ধাৰ নকৰা পর্যন্ত এই যুঁজ চলি থাকিব।

গৰুখুঁটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছে।

ভাৰতীয় জনতা পাৰ্টীৰ ৪০খন সাংগঠনিক জিলাৰ জিলা কার্যনির্বাহকৰ শনিবাৰে পুৱা ১০ বজাৰ পৰা একেলগে হোৱা বৈঠকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

উল্লেখ্য যে উক্ত জিলা কার্যনিৰ্বাহকৰ সভাত জিলা সভাপতি, জিলাপ্রভাৰী আৰু সহঃ প্রভাৰী, জিলা বিষয়ববীয়া, জিলা কার্যনির্বাহকৰ সকলাে সদস্য, আমন্ত্রিত সদস্য, মণ্ডল সভাপতি, মর্চাসমূহৰ সভাপতি, সংশ্লিষ্ট জিলাখনত থকা সাংসদ, বিধায়ক, জিলা পৰিষদৰ সদস্য, স্বায়ত্ত পৰিষদৰ মুখ্য কার্যনির্বাহ সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্য, সংশ্লিষ্ট জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়া, কার্যনির্বাহক সদস্য, আমন্ত্রিত সদস্য, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, ৰাজ্যিক পৰিষদৰ সদস্য, সংশ্লিষ্ট জিলাৰ অন্তর্গত মৰ্চাসমূহৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক বিষয়ববীয়া আৰু কোষৰ আহ্বায়ক, সহঃ আহ্বায়কসকল, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি-সভানেত্রীসকল উপস্থিত থাকে।

ৰাজ্যখনৰ উন্নয়ন প্রক্রিয়াক ত্বৰান্বিত কৰাৰ বাবে চৰকাৰে বিভিন্ন উগ্রপন্থী সংগঠনক আলােচনাৰ মেজত বহুৱাই শান্তি প্রতিষ্ঠাৰ বাবে লােৱা বলিষ্ঠ পদক্ষেপ কথাও মুখ্যমন্ত্ৰীয়ে দলীয় কার্যকর্তাক অৱগত কৰে।

তেওঁ কয়- ভােটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পালেও ভােটদানৰ প্রতি খিলঞ্জীয়া লােকৰ এতিয়াও যথেষ্ট অনীহা আছে। কিন্তু ৰাজ্যৰ এটা বিশেষ ধৰ্মাৱলম্বী লােকৰ প্ৰায় এশ শতাংশ ভােটদান হয়। এই কথাটোৰ প্রতি লক্ষ্য ৰাখি আমাৰ দলৰ কার্যকর্তাই খিলঞ্জীয়া লােকৰ এশ শতাংশ ভােটদান নিশ্চিত কৰাৰ বাবে প্ৰয়াস কৰিব লাগে। 

এশ শতাংশ খিলঞ্জীয়াই ভােটদান কৰিলে ভাৰতীয় জনতা পার্টীক কোনেও পৰাজয় কৰিব নােৱাৰে। সেয়ে দলীয় কার্যকতাই এতিয়াৰে পৰা খিলঞ্জীয়াৰ এশ শতাংশ ভােটদান নিশ্চিত কৰাৰ অভিযান আৰম্ভ কৰি দিব লাগে।

Leave a Comment