স্বাধীনতা দিৱসৰ দিনাই এক শোকাৱহ ঘটনা।
স্বাধীনতা দিৱসৰ দিনাই নিজ বন্দুকেৰে গুলিয়াই আত্মহত্যা এগৰাকী BSF জোৱানৰ।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ কাৰখানা পুতনি এলেকাত।
ভাৰত-বাংলাদেশ সীমান্তত নিজ দায়িত্ব পালন কৰি থকাৰ সময়ত এনে ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।
আত্মহত্যা কৰা জোৱানজন BSFৰ 134 নম্বৰ বেটেলিয়ানৰ মনবীৰ সিং (৪২)।
জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতালৈ প্ৰেৰণ কৰে।
কাইলৈ বিশেষ হেলিকপ্টাৰৰে নিজ গৃহলৈ পঠোৱা হ’ব জোৱান গৰাকীৰ মৃতদেহ।









