ঈদৰ নামাজ আদায়ৰ পিছত প্ৰয়াত পিতৃৰ কবৰলৈ গৈ সান্নিধ্য বিচাৰিছিল পুত্ৰই, তেতিয়াই ঘটিল অঘটন…

নিউজ ডেস্কঃ ঈদৰ নামাজ আদায়ৰ পিছত পিতৃৰ কবৰলৈ গৈছিল এজন যুৱক। ঈদৰ বিশেষ মুহূৰ্ততোত পিতৃক স্মৰণ কৰি আৱেগিক হৈ পৰিছিল তেওঁ। সেয়ে ঈদৰ নামাজৰ পিছতে ঘৰৰ নাতিদূৰত থকা কবৰস্থানৰ পিতৃৰ কবৰৰ কাষত থিয় হৈ তেওঁ কিন্তু মুহূৰ্ত পিতৃৰ সান্নিধ্য অনুভৱ কৰিব বিচাৰিছিল।

কিন্তু নিয়তিৰ খেল বুজা টান। পিতৃৰ কবৰৰ কাষত থিয় হৈ কিছু সময় পাৰ কৰিব বিচৰা যুৱকজন নিজেই গুছি গ’ল নেদেখা পৃথিৱীত তেওঁৰ বাবে ৰৈ থকা পিতৃৰ কাষলৈ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বাংলাদেশৰ ব্ৰাহ্মণবাড়ীয়াৰ আখাউৰাত।

thunder
ঈদৰ নামাজ আদায়ৰ পিছত প্ৰয়াত পিতৃৰ কবৰলৈ গৈ সান্নিধ্য বিচাৰিছিল পুত্ৰই, তেতিয়াই ঘটিল অঘটন... 3

উল্লেখ্য যে, মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ বিশ্বজুৰি পালন কৰে পবিত্ৰ ঈদ-উল-ফিতৰ। আখাউৰাৰ নিৱাসী ৩৫ বৰ্ষীয় ৰণি মিঞাইও ঈদৰ পুৱা নামাজ আদায় কৰে। তাৰ পিছতে তেওঁ খাৰমপুৰ কবৰস্থানলৈ গৈ প্ৰয়াত পিতৃ মহম্মদ আলীৰ কবৰৰ কাষত এখন্তেক থিয় হয়।

কিন্তু সেই সময়তে ৰণিৰ গাত বজ্ৰপাত পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন। লগে লগে তেওঁক আখাউৰা উপজিলা স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় যুৱকজনে।

ঈদৰ দিনাই সংঘটিত এই কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে সৰ্বত্ৰে। পিতৃৰ কবৰলৈ গৈ মৃত পিতৃক ঈদৰ শুভেচ্ছা জনাব বিচৰা অথবা কিছু একান্ত মুহূৰ্ত পাৰ কৰিব বিচৰা যুৱকজনৰ মৃত্যুৱে মৰ্মাহত কৰিছে বিভিন্ন মহলক।

লগতে চাওকঃ

মৃত্যুৰ পিছতো ৩ জনক নতুন জীৱন দি গ’ল এগৰাকী মহিলা চিকিৎসকে…

G5 3
ঈদৰ নামাজ আদায়ৰ পিছত প্ৰয়াত পিতৃৰ কবৰলৈ গৈ সান্নিধ্য বিচাৰিছিল পুত্ৰই, তেতিয়াই ঘটিল অঘটন... 4

Leave a Comment