অসমঅসমীয়া

আলফা (স্বা)ৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি ৰঙাঘৰত আলহী হ’ল যুৱক

নিউজ ডেস্ক। শেহতীয়াকৈ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ত ৰাজ্যত বহু সংখ্যক যুৱক-যুৱতীয়ে যােগদান কৰা ঘটনাই চৰকাৰক উদ্বিগ্ন কৰাৰ সময়তে এইবাৰ সামাজিক মাধ্যমত সংগঠনটােৰ সপক্ষে প’ষ্ট দি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী যুৱক।

photo 2022 05 04 10 58 31

গ্ৰেপ্তাৰ হোৱা যুৱকজন বাক্সা জিলাৰ শালবাৰীৰ আনন্দবজাৰ ৰৌমাৰীৰ বিতুপন দাস (২৭) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি আলফা (স্বাধীন)ৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি আহিছিল বিতুপন দাসে।

এই বিষয়ে তথ্য লাভ কৰি শালবাৰী আৰক্ষীয়ে তদন্ত চলাই কৰায়ত্ত কৰে বিতুপন দাসক।

শালবাৰী আৰক্ষীয়ে বিতুপন দাসৰ ওপৰত ২৩/২২ নম্বৰত গোচৰ ৰুজু কৰিছে।

জেৰাৰ বাবে বিতুপন দাসক জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *