আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীৰ পলায়ন, কৰ্তব্যত গাফিলতিৰ অভিযোগত ৩ আৰক্ষীক নিলম্বন…

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন হ’ল ৩ গৰাকী আৰক্ষী।

কৰিমগঞ্জৰ ৩ আৰক্ষীক নিলম্বন আৰক্ষী অধীক্ষকৰ।

নিলম্বন কৰা হৈছে বিপুল চন্দ্ৰ নাথ, দেৱাশিষ সিনহা আৰু শুভেন্দু দাসক।

তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ তিনিওকে নিলম্বন কৰে জিলাখনৰ আৰক্ষী অধীক্ষকে।

উল্লেখ্য যে, মঙলবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল এজন দুৰ্ধৰ্ষ অপৰাধী।

আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিছিল আব্দুল মজিদ নামৰ এটা আচামি।

আদালতৰ চৌহদৰ পৰা পলায়ন কৰিছিল আচামীটো।

কয়দী গৰাকীক কৰিমগঞ্জ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

জানিব পৰা মতে, পলায়ন কৰা কয়দীজনক মঙলবাৰে জিলা আদালতলৈ লৈ যোৱা হৈছিল। আদালতত উপস্থিত হোৱাৰ পিছতে অভিযুক্তই বাথৰুমলৈ যাবলৈ অনুমতি বিচাৰিছিল।

বাথৰুমত বহু সময় লগোৱাত আৰক্ষীৰ সন্দেহ হয় আৰু পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে বাথৰুমত প্ৰৱেশ কৰে।

কিন্তু ইতিমধ্যেই কয়দীজন ঘটনাস্থলীৰ পৰা ইতিমধ্যেই পলায়ন কৰে।

কয়দীজনে বাথৰুমৰ ভেণ্টিলেটৰৰ গ্লাছ ভাঙি আদালত চৌহদৰ পৰা পলায়ন কৰিছিল।