অসম

চোৰাং চিকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ, সন্ধান দি লাভ কৰক ২লাখকৈ টকা…

চোৰাং চিকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ।

দুজন চোৰাং চিকাৰীৰ সন্ধান দিয়া লোকক ২ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে আগঢ়াইছে এই অফাৰ।

জি পি সিঙে টুইটাৰৰ জৰিয়তে দুটা দুধৰ্ষ গঁড় চিকাৰীৰ ফটো আৰু তেওঁলোকৰ ঠিকনাৰ সৈতে উল্লেখ কৰিছে যে, যিয়ে এই অপৰাধী দুটাৰ সন্ধান দিবলৈ সক্ষম হ’ব তেওঁলোকক ২ লাখকৈ টকা পুৰস্কাৰ দিব আৰক্ষীয়ে।

জি পি সিঙে টুইটাৰত উল্লেখ কৰা অনুসৰি এই গঁড় চিকাৰী দুটাৰ নাম আব্দুল মাটিন ওৰফে কালা আৰু আতাউৰ ৰহমান। ইয়াৰে আব্দুল মাটিনৰ বয়স ৩৬ বছৰ। আনহাতে আতাউৰ ৰহমানৰ বয়স ৩৫।

বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং আদাভেঁটি গাঁৱৰ ইছমাইল আলীৰ পুত্ৰ আব্দুল মাটিন আৰু মহম্মদ ইফাৰ আলীৰ পুত্ৰ আতাউৰ ৰহমান।

যিয়ে এই চোৰাং চিকাৰী দুজনৰ বিষয়েে সন্ধান দিব সেই লোকক নগদ ধনেৰে পুৰস্কৃত কৰিব আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *