অসম

আৱশেষত আৰক্ষীৰ জালত অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰা

যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হোৱা গণহত্যাৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য।

দিন দুপৰতে একাংশ নৰপিশাচৰ আক্ৰমণত মৃত্যুক সাৱটিব লগা হৈছিল আছু কৰ্মী অনিমেষ ভূঞাই।

এই হত্যাকাণ্ডৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰা অৱশেষত আৰক্ষীৰ জালত পৰিছে।

নিৰজ দাস ওৰফে ক’লা ল’ৰাৰ নেতৃত্বতেই সংঘটিত হৈছিল যোৰহাটৰ সেই বৰ্ব্বৰ কাণ্ড।

যি পূৰ্বেও একাধিকবাৰ জেললৈ গৈছিল বিভিন্ন কাৰণত।

সহায় কৰিবলৈ যোৱাৰ পিছত দোষী সজাই মোহন দাসে পুত্ৰৰ হতুৱাই মৰিয়াই মৰিয়াই মাৰি পেলোৱা হৈছিল অনিমেশক।

সেই অভিযুক্ত মোহন দাসৰেই পুত্ৰ নীৰজ দাস।

এই হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িতৰ অপৰাধত বৰ্তমানলৈ ১৩ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *