অসম

পঞ্চভূতত বিলীন হ’ল নৃশংসতাৰ বলি হোৱা অনিমেষ ভূঞাৰ নশ্বৰদেহ…

পঞ্চভূতত বিলীন হ’ল নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱটি লোৱা অনিমেষ ভূঞাৰ নশ্বৰদেহ।

সোমবাৰে নিশা শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন অনিমেষ ভূঞাৰ।

নিজ বাসগৃহত সম্পন্ন কৰা হয় শেষকৃত্য।

সোমবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ উপস্থিতিত সম্পন্ন হয় অন্ত্যেষ্টিক্ৰিয়া।

ইয়াৰোপৰি, নিশা আছু নেতৃত্বৰ লগতে বাসগৃহত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। 

যোৰহাট চহৰৰ মাজ মজিয়াত একাংশ উন্মত্ত লোকে অতি নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পদক অনিমেষক।

সোমবাৰে সো-শৰীৰে ঘৰৰ পৰা ওলাই যোৱা পুত্ৰৰ এইদৰে হত্যাত একপ্ৰকাৰৰ ভাগি পৰিছে অনিমেষৰ পিতৃ-মাতৃৰ লগতে দেৰগাঁৱৰ সমীপৱৰ্তী ১নং খকণ্ডগুৰি গাঁৱৰ বাসগৃহত বুজাব নোৱাৰা এক পৰিৱেশ।

ইতিমধ্যে হত্যাকাণ্ডৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰাসহ ১৩ জনক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *