অসম

যোৰহাট প্ৰশাসনৰ লোক নাহিলে হত্যাকাণ্ড স্থলীতে অনিমেষৰ মৃতদেহ সৎকাৰৰ হুংকাৰ ৰাইজৰ…

যোৰহাট চহৰৰ মাজ মাজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞাৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

দিন দুপৰতে একাংশ নৰ পিশাচৰ আক্ৰমণত মৃত্যুক সাৱটিব লগা হৈছিল আছু কৰ্মী অনিমেষ ভূঞাই।

গণপ্ৰহাৰত মৃত্যু হোৱা অনিমেশ ভূঞাৰ মৃতদেহ এতিয়াও সৎকাৰ কৰা হোৱা নায়।

যোৰহাট প্ৰশাসনৰ লোক নাহিলে হত্যাকাণ্ড স্থলীতে অনিমেষৰ মৃতদেহ সৎকাৰৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে।

অনিমেষ ভূঞাৰ ঘৰত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা উপস্থিত হৈছে যদিও স্থানীয় ৰাইজে আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰে যোৰহাট আৰক্ষী অধীক্ষকক বিচাৰি মাধ্যুৰ্য বৰুৱাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ৰাইজে অনিমেশ ভূঞাৰ ঘৰলৈ যোৰহাট জিলা প্ৰশাসনৰ লোক আৰু যোৰহাট আৰক্ষী অধীক্ষক নাহিলে হত্যাকাণ্ড সংঘটিত হোৱা স্থানতে অনিমেশৰ মৃতদেহ সৎকাৰ কৰাৰ হুংকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *