অসম

আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত মাৰণাস্ত্ৰসহ ৪ জনক আটক…

আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত মাৰণাস্ত্ৰসহ আটক ৪ জন।

কাৰ্বিআংলং আৰক্ষী আৰু ডিমাপুৰৰ পঞ্চম আছাম ৰাইফলৰ যুটীয়া অভিযানত আটক কৰা হৈছে।

২৭ আগষ্টৰ পুৱাই বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘাৰিয়ালডুলিৰ পৰা আটক কৰা হৈছে যুৱক কেইজনক।

আটক কৰা যুৱক কেইজনৰ পৰা এটা ৯ এম এম পিষ্টল, দুটা ০.২২ পিষ্টল, এটা চীনত নিৰ্মিত গ্ৰেণেড, এটা স্থানীয় গ্ৰেণেড আৰু ৫টা ০.২২ পিষ্টলৰ সজীৱ গুলী উদ্ধাৰ কৰা হৈছে।

আটকাধীন যুৱক কেইজনৰ নাম ৰাজু ঘোটোৱাৰ, কৃষ্ণ ওৰাং, লুকেশ কাঙ্গাৰী আৰু ৰবাৰ্ট হৰ।

ইয়াৰে ৰাজু ঘাটোৱাৰ আৰু কৃষ্ণ ওৰাংৰ ঘৰ ডিফুত।

আনহাতে লুকেশ কাঙ্গাৰীৰ ঘৰ ডিলাই আৰক্ষী থানাৰ এলেকাত আৰু ৰবাৰ্ট হৰৰ ঘৰ খটখটিত।

Leave a Reply

Your email address will not be published. Required fields are marked *