সৰুসজাইৰ DRDO ক’ভিড হাস্পতালত Scrub Typhusৰ আতংক, ৪জন চিকিৎসক আক্ৰান্ত…

সৰুসজাইৰ DRDO কোভিড হাস্পতালত ধৰা পৰিছে নতুন ৰোগ।

সৰুসজাইৰ DRDO কোভিড হাস্পতালত Scrub Typhusৰ আতংক।

এই পৰ্যন্ত হাস্পতালখনত SCRUB TYPHUS ৰোগত আক্ৰান্ত হৈছে চিকিৎসক নাৰ্চ সহ মুঠ চাৰিগৰাকী লোক।

ইয়াৰে ভিতৰত আছে কোভিড ৰোগীও।

চিকিৎসালয়খনত দেখা দিয়া এই নতুন ৰোগৰ ফলত তৎক্ষণিকভাবে হাস্পতালখনৰ পৰা সকলো আক্ৰান্তকে GMCHলৈ স্থানান্তৰ কৰা হৈছে।

হাস্পতালখনত চিকিৎসাধীন হৈ থকা ২৪ গৰাকী ৰোগীক অনা হৈছে GMCH লৈ।

সৰুসজাই পৰিৱৰ্তে ক’ভিড ৰোগীৰ চিকিৎসা চলিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।

হাস্পতালখনত দেখা দিয়া এই নতুন ৰোগৰ আঁৰত কদৰ্য্যময় পৰিবেশ, লেতেৰা তথা অস্বাস্থ্যকৰ পৰিবেশ বুলি অভিহিত কৰিছে বহুজনে।

আনহাতে Scrub Typhusক লৈ বিপৰীত ভাষ্য GMCH কৰ্তৃপক্ষৰ।

GMCHৰ অধীক্ষক অভিজিত্‍ শৰ্মাই সৰুসজাইত DRDOৰ ক’ভিড চেণ্টাৰত Scrub Typhus বিয়পা নাই বুলি মন্তব্য কৰে।

ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেহে GMCHলৈ স্থানান্তৰ কৰা হৈছে চেণ্টাৰটো।

এইটো কোনো ডাঙৰ ৰোগ নহয় বুলি মন্তব্য অভিজিত্‍ শৰ্মাৰ।

Leave a Comment