ৰাজ্য কঁপোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্য।
ৰাজপথত দিন দুপৰতে চোকা অস্ত্ৰৰে নন্দিতাক বৰ্বৰ আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰে কৰ্মচাৰী ৰিণ্টু শৰ্মাই।
ইয়াৰ পাছতে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পাতালত চিকিৎসাধীন অৱস্থাত সকলোকে আশাহত কৰ শেষ নিশ্বাস ত্যাগ কৰে নন্দিতাই।
ৰাজ্য কঁপোৱা সেই বৰ্বৰোচিত, জঘন্য হত্যাকাণ্ডত জড়িত নৰ পিশাচ, ৰক্ত পিপাসু ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ দাবী উঠিছে ৰাজ্যজুৰি।
ইয়াৰ মাজতে ধেমাজি জিলা উকীল সন্থাই গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ আৰু সিদ্ধান্ত।
নৰখাদক ৰিণ্টুৰ হৈ ধেমাজি জিলা উকীল সন্থাই আইনী সাহায্য আগনবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
হত্যাকাৰী ৰিণ্টুৰ হৈ সন্থাৰ কোনো অধিবক্তাই আইনী সাহায্য আগনবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে ধেমাজি জিলাৰ সমীপৱৰ্তী লখিমপুৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, আদি জিলাৰ উকীল সন্থাৰ সতেও মৌখিকভাবে বিষয়টো অৱগত কৰি ঘাটকৰ হৈ আইনী সাহায্য প্ৰদান নকৰিবলৈ আহ্বান জনাইছে সন্থাই।









