জাগুনৰ টিংকুপানীত অসম আৰক্ষী আৰু ১৯ অসম ৰাইফলছৰ যুটীয়া অভিযান।
৯ আগষ্টৰ নিশাৰ পৰা ১০ আগষ্টলৈকে টিংকুপানী সংৰক্ষিত বনাঞ্চল (অসম/অৰুণাচল প্ৰদেশ সীমান্তৰ ওচৰত) অঞ্চলত অভিযান চলায় দলটোৱে।
অভিযানৰ সময়ত NSCN(KYA) ENNG ৰ চাৰিজন কেডাৰ আটক কৰিছে সেনা-আৰক্ষীয়ে।
আটকাধীন NSCN/ENNG কেডাৰ কেইগৰাকী ক্ৰমে ওচা গাংছা, পুমলা পাঞ্চা, পাংলাং গাংচা আৰু জাংগাং পাটাদম বুলি জানিব পৰা গৈছে।
কেডাৰ কেইগৰাকীৰ পৰা তিনিটা MQ81 এছল্ট ৰাইফল, ২৯৪ জাঁই সজীৱ গুলী , ৭ টা মেগজিন ,৩ টা মোবাইল ফোনসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে।









