১ইঞ্চি-২ ইঞ্চি মাটিকলৈ যুঁজি থকাৰ কোনো অৰ্থ নাই, সকলো ভাৰতৰে মাটি।
অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত নতুন দিল্লীত সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
অসম-মিজোৰাম সীমান্ত সমস্যাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ পিছত মঙলবাৰে বিয়লিভাগত এখন সংবাদমেল সম্বোধন কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– ‘যি JOINT STATEMENT দুয়ো ৰাজ্যই প্ৰকাশ কৰিলে, তাৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীৰো অৰিহণা আছে।’
লগতে তেওঁ কয়- ‘১ ইঞ্চি-২ ইঞ্চি মাটিকলৈ দুখন ৰাজ্যই যুঁজি থকাৰ কোনো অৰ্থ নাই, সকলো ভাৰতৰে মাটি। ইতিহাসত আমি কোনো ৰাজ্যৰ পৰা আমি অকণো মাটি বিচাৰি পোৱা নাই। ডিমাপুৰখন লৈ মই কি কৰিম? ডিমাপুৰ ভাৰতৰে মাটি।’
শেহতীয়া অসম-মিজোৰামৰ সমস্যাক লৈ প্রধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।









