অসম

শিক্ষাৰ্থীৰ বাবে চৰকাৰে দিয়া ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত প্ৰধান শিক্ষক…

শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে।

ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে আবন্তন দিয়া ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত এগৰাকী শিক্ষক।

বঙাইগাঁও জিলাৰ সন্তোষপুৰ এম ভি স্কুলৰ প্ৰধান শিক্ষক আজগৰ আলীৰ এই কাণ্ড।

ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে সন্ধানহীন হৈ আছিল শিক্ষকগৰাকী।

পিছত আৰক্ষীয়ে অভিযান চলাই নলবাৰী জিলাৰ মুকালমুৱাৰ আবুল বাছাৰ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত লুকাই থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল, ইউনিফৰ্মৰ ধন, বিদ্যালয়ৰ আন্তঃগাঠনি আদিৰ ক্ষেত্ৰত বহু বিত্তীয় খেলি-মেলি সংঘটিত কৰাৰ অভিযোগ আছে আটকাধীন শিক্ষকগৰাকীৰ বিৰুদ্ধে।

আনহাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা প্ৰায় ৮ লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ।

বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৯ ধাৰাৰ অধীনত ৮৯/২১ নম্বৰত মেৰেৰচৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে আজগৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *