ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনা, বি এছ এফৰ গুলীত নিহত চোৰাং গৰু সৰবৰাহকাৰী…

ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা।

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ গুডলি গাঁৱত যোৱানিশা ১২ মান সংঘটিত হয় গুলীচালনাৰ ঘটনা।

বি এছ এফৰ গুলীত নিহত হয় চোৰাং গৰু সৰবৰাহকাৰী।

চোৰাং গৰু সৰবৰাহকাৰীটো ছাটকৰাইবাৰী গাঁৱৰ আই হুছেইনৰ পুত্ৰ মনিৰুজ্জামান ওৰফে ফকিৰ (২৪) বুলি জনা গৈছে।

বি এছ এফৰ গুলীত নিহত মনিৰুজ্জামানৰ পৰিয়ালৰ লোকে মৃতদেহটো ঘৰলৈ নিয়া বুলি জনা গৈছে।

ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মানকাচৰ থানাৰ আৰক্ষীৰ এটা দল।