ৰাহুলক গ্ৰেপ্তাৰৰ পিছতে ভুক্তভোগী আনন্দৰ মাতৃ-ভগ্নীৰ প্ৰতিক্ৰিয়া- ‘দোষী আছিল বাবেই পলাই আছিল ৰাহুল’

অৱশেষত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী।

লেখাপানী থানাত আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাহুলক।

গ্ৰেপ্তাৰৰ পিছতে নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা ৰাহুল ছেত্ৰীৰ।

কিন্তু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ মাতৃ-ভগ্নীয়ে।

কঠোৰৰ পৰা কঠোতম শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে।

ইপিনে আনন্দৰ ভগ্নীয়ে কয়- ৰেগিং কাণ্ডত ৰাহুল ছেত্ৰী জড়িত থকাৰ বাবেহে ইমানদিনে পলাতক আছিল।

উল্লেখ্য যে, ৯ দিনৰ অন্তত লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ৰাহুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

ইপিনে গ্ৰেপ্তাৰৰ পিছতে ৰাহুলে কয়- ‘এই ঘটনাত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কেনেকৈ মোৰ নাম সাঙোৰ খাইছে মই নিজে আচৰিত হৈছো। যোৱা কিছুদিনত ধূৱলি–কুঁৱলী পৰিৱেশৰ সৃষ্টি হ’ল, যাৰ বাবে মই আঁতৰি থাকিব লগা হ’ল। মোক এজন ধুৰন্ধৰ অপৰাধী হিচাপে দেখুওৱা হ’ল। সামাজিক মাধ্যমত কয়লা মাফিয়া ৰূপে দেখুওৱা হৈছে।

লগতে কয়- ‘মোক মানুহে মাৰি পেলাব বুলি ভাবিছিলো। এনকাউণ্টাৰ কৰিব বুলি ভাবিছিলো। নিৰাপত্তাহীনতাত ভুগি মই আঁতৰি আছিলো। এতিয়া মই আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব বিচাৰো। যাৰ বাবে মই ওলাই আহিছো।’