অসম

আৰক্ষীৰ গুলীত আহত মহানগৰীৰ ৰেভ পাৰ্টী গোচৰৰ অন্যতম অভিযুক্ত বিশাল চৌধুৰী…

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা।

আৰক্ষীৰ গুলীত আহত মহানগৰীৰ খাৰঘুলিৰ ৰেভ পাৰ্টী গোচৰৰ অন্যতম অভিযুক্ত বিশাল চৌধুৰী।

শনিবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে গুলীয়াই আহত কৰে বিশালক।

নিশা ১২.৩০ বজাত নুনমাটিত সংঘটিত হৈছিল এই ঘটনা।

বাওঁ ভৰিত গুলী লগা বিশাল চৌধুৰী বৰ্তমান জি এম চি এইচত ভৰ্তি কৰা হৈছে।

উল্লেখ্যে যে, ১৪ আগষ্টত গুৱাহাটীৰ ৰিভেৰা এপাৰ্টমেণ্টত চলা ৰেভ পাৰ্টীটোৰ বাবে কোকেইন যোগান ধৰা বিশাল চৌধুৰীক দিল্লী আৰক্ষীৰ বিশেষ কোষৰ সহায়ত গুৱাহাটী আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰিছিল।

দিল্লীত থাকি বিশালে কুৰিয়াৰ চাৰ্ভিছেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল পাৰ্টীটোত ব্যৱহাৰ হোৱা কোকেইনখিনি।

Leave a Reply

Your email address will not be published. Required fields are marked *