অসম

টকিঅ’ পেৰালিম্পিক ইতিহাস সৃষ্টি কৰিলে IAS বিষয়া য়াথিৰাজে, লাভ কৰিলে ৰূপৰ পদক…

টকিঅ পেৰা অলিম্পিকত বেডমিন্টনত ভাৰতৰ ৰূপৰ পদক লাভ।

ইতিহাস সৃষ্টি কৰি সুহাস য়াথিৰাজে লাভ কৰিলে ৰূপৰ পদক।

নয়ডাৰ জিলা দণ্ডাধীশ তথা আই এ এছ বিষয়া সুহাস য়াথিৰাজে টকিঅ’ পেৰালিম্পিক গেইমছৰ অন্তিম দিনটোত লাভ কৰে এই পদক

পেৰালিম্পিক গেইমছৰ অন্তিম দিনা সুহাস ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ পদকৰ সংখ্যা ১৮ লৈ বৃদ্ধি কৰে।

ইয়াৰ সমান্তৰালকৈ পেৰালিম্পিক গেইমছত ৰূপৰ পদক জয় কৰা প্ৰথম আই এ এছ বিষয়া হিচাপে পৰিগণিত হৈছে সুহাস।

ফাইনেলত সুহাসে ফ্ৰান্সৰ লুকাস মাজুৰৰ হাতত ২১-১৫, ১৭-২১, ১৫-২১ ব্যৱধানত পৰাজিত হয়।

সুহাস বৰ্তমান এছ এল ৪ শ্ৰেণীত বিশ্ব ৰেংকিঙত তৃতীয় স্থানত আছে।

২০২০ চনৰ পৰা নয়ডাৰ জিলা দণ্ডাধীশ হিচাপে দায়িত্বত আছে।

সুহাসৰ এই সফলতাত ভূয়সী প্ৰসংশা কৰিছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *