আৰক্ষীৰ অভিযানত জব্দ ১৬টাকৈ চোৰাং কুকুৰ, দুই মিজো সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ…

গৰুৰ লগতে অসমৰ পৰা বহিঃৰাজ্যলৈ অব্যাহত আছে কুকুৰৰ চোৰাং সৰবৰাহ।

এইবাৰ কাছাৰ আৰক্ষীৰ অভিযানত জব্দ হৈছে ১৬ টাকৈ চোৰাং কুকুৰ।

কাছাৰৰ ধলাইত চোৰাং কুকুৰসহ গ্ৰেপ্তাৰ হৈছে দুই মিজো সৰবৰাহকাৰী।

লগতে জব্দ কৰা হৈছে কুকুৰ কঢ়িয়াই অনা এখন বলেৰ’ বাহন ৷

image 181
আৰক্ষীৰ অভিযানত জব্দ ১৬টাকৈ চোৰাং কুকুৰ, দুই মিজো সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ... 2

শিলচৰৰ পৰা মিজোৰামলৈ সৰবৰাহ কৰাৰ সময়তে ধলাইত নিশা আৰক্ষীৰ অভিযানত জব্দ হয় বাহন খন ।

জব্দ কৰা বলেৰ’ ডিআই বাহনখনৰ নম্বৰ MZ 05A 7829।

ধৃত দুই সৰবৰাহকাৰী মিজোৰামৰ ভাইৰেংটীৰ লালচান হিমা আৰু আলফাৰ্ড হমাৰ ৷