এক ভয়ংকৰ ঘটনা।
পাহাৰৰ পৰা হঠাতে নামি অহা পানীৰ ঢলে উটুৱাই নিয়ে এখন স্কৰপিঅ’ বাহন।
শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ দৈমুখ-জিৰো পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
জানিব পৰা মতে, দৈমুখ-জিৰো পথৰ চীপুটা নামৰ ঠাইখনত থকা এটা কেকুৰিত পথৰ ওপৰৰে এটা সৰু জুৰিৰ পানী সাধাৰণতে বৈ থাকে।
কিন্তু আবেলি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে পথৰ ওপৰত পানী বাঢ়ি যায় আৰু পথ পাৰ হ’বলৈ ধৰা গাড়ীখন পথৰ মাজতে আবদ্ধ হৈ পৰে।
#Watch: Scorpio washed away in flash flood at Chiputa, in between Doimukh to Putin Road, Lower Subansiri district of Arunachal Pradesh after heavy rains triggered flood-like situation in the state today, September 23. #Arunachal #subansiri #flood #flashflood #car pic.twitter.com/lYXrXKAi3K
— India Today NE (@IndiaTodayNE) September 23, 2022
কিছু সময় পাছত পানীৰ সোঁত উটুৱাই নি গাড়ীখন প্ৰায় ১০০ ফুট তলত পেলাই। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ীখনৰ চালকজনৰ।
উল্লেখ্য যে, অৰুণাচল প্ৰদেশ চৰকাৰৰ শক্তি বিভাগৰ স্কৰপিঅ’ গাড়ীখন ইটানগৰৰ পৰা কামলে জিলালৈ গৈ আছিল।