খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ গঁড়ৰ প্ৰতিকৃতি, আজি মুখ্যমন্ত্ৰীয়ে কৰিব উদ্বোধন…

খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ কৰা হৈছে তিনিটাকৈ গঁড়ৰ প্ৰতিকৃতি।

২০২১ চনৰ ২২ ছেপ্টেম্বৰত ২৪৭৯টা গঁড়ৰ খড়্গ জ্বলাই দিছিল প্ৰশাসনে।

image 184
খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ গঁড়ৰ প্ৰতিকৃতি, আজি মুখ্যমন্ত্ৰীয়ে কৰিব উদ্বোধন... 4

সেই গঁড়ৰ খড়্গৰ ছাইৰে তিনিটা গঁড়ৰ প্ৰতিকৃৰ্তি নিৰ্মাণ কৰা হৈছে।

উক্ত প্ৰতিকৃতি তিনিটা আজি উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

image 182
খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ গঁড়ৰ প্ৰতিকৃতি, আজি মুখ্যমন্ত্ৰীয়ে কৰিব উদ্বোধন... 5

আজি আবেলি ৩.৩০ বজাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা গঁড়ৰ প্ৰতিকৃতি তিনিটা।

উল্লেখ্য যে, অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

image 183
খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ গঁড়ৰ প্ৰতিকৃতি, আজি মুখ্যমন্ত্ৰীয়ে কৰিব উদ্বোধন... 6

অৱশ্যে বতৰে প্ৰতিকুল অৱস্থাৰ সৃষ্টি কৰিলে সময়ৰ কিছু সালসলনি হোৱাৰো সম্ভাৱনা আছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে, এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খড়্গৰ ছাইৰে নিৰ্মিত গঁড়ৰ প্ৰতিকৃতি তিনিটা।