অসমঅসমীয়া

আৰক্ষীৰ অভিযানত জব্দ ১১ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি-আগৰ কাঠ

নিউজ ডেস্ক। বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

এই অভিযানৰ মাজতে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ আগৰ কাঠ আৰু বাৰ্মিজ চুপাৰি।

এখন ট্ৰাকত এইসমূহ অনা হৈছিল এই চােৰাং সামগ্ৰীখিনি।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাওঁতেই ৪০৫ বস্তা চুপাৰি আৰু ২০ বস্তা আগৰ কাঠ উদ্ধাৰ কৰা হয়।

জব্দকৃৎ চুপাৰিখিনৰ মূল্য প্ৰায় ৯০ লাখ টকা হোৱাৰ বিপৰীতে আগৰ খিনিৰবজাৰ মূল্য প্ৰায় ১০ কোটি টকা।

আৰক্ষীৰ অভিযানৰ উমান পাই ট্ৰাকৰ চালকজন পলাই সাৰে।

জব্দ হোৱা সামগ্ৰীখিনি চাহাৰুল ইছলাম বৰভূঞা নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কাৰ পৰা ঘােচ ল’ব নালাগে? ক’লে মুখ্যমন্ত্ৰীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *