অসম

পুনৰ আত্মগোপন NLFBৰ মুৰব্বী এম বাথাৰ, জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা…

পুনৰ আত্মগোপন NLFBৰ মুৰব্বী এম বাথাৰ।

NIA ৰ বিশেষ আদালতৰ পলাতক ঘোষণা বাথাক। জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা।

চলিত বৰ্ষৰ ২৩ জুলাইত NLFB ৰ অন্য ২২ কেডাৰসহ মূল সুঁতিলৈ উভতি আহিছিল বাথা।

অৱশ্যে বাথাই কৈছিল- ‘আমি আত্মসমৰ্পন কৰা নাই, মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োৰ কথা শুনিহে জংঘলৰ পৰা ওলাই আহিছো’।

আত্মসমৰ্পন নহয়, কেৱল শান্তি আলোচনাৰ বাবেহে আহিছিল NLFB-ৰ মুৰব্বী এম বাথাসহ মুঠ ২৩ গৰাকী কেডাৰ।

ছচিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত ভুল কৈ আত্মসমৰ্পণৰ কৰা বুলি প্ৰচাৰ কৰা হৈছিল বুলি কৈছিল বাথাই।

উল্লেখ্য যে, জুলাইত আত্মসমৰ্পন কৰাৰ পূৰ্বে দুৰ্ধৰ্ষ নেতা এম বাথাৰ সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰষ্কাৰ দিব বুলি ঘোষণা কৰিছিল নিয়াই(NIA)।

Leave a Reply

Your email address will not be published. Required fields are marked *