অসম

আৰক্ষীৰ অভিযানত জব্দ কোটি কোটি টকাৰ ড্ৰাগছ, আটক মহিলাসহ দুই সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ কাছাৰ জিলাত কোটি কাোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।

প্ৰায় ৩ কোটি ১ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় কাছাৰ আৰক্ষী।

কাছাৰ জিলাৰ ঝিৰিঘাটত নিশা ৪০ টা বাকচত ১.৫০৮ গ্ৰাম হিৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

লগতে জব্দ কৰে ৬৫০ টা নিচা জাতীয় টেবলেট।

লগতে কাছাৰ আৰক্ষীৰ জালত পৰিছে মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰী।

মণিপুৰৰ পৰা এখন ইকোভেনত ড্ৰাগছ খিনি লৈ অসমত প্ৰৱেশ কৰাৰ সময়তে ধৰা পৰে আৰক্ষীৰ হাতত।

Leave a Reply

Your email address will not be published. Required fields are marked *