ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।
উপ নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।
বৃহস্পতিবাৰে থাওৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
থাওৰা সমষ্টিৰ মুঠ ছখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিবাসীক বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰে।
বকতা খামুন আৰু বকতা নেমুগুৰি কোঁৱৰটিং খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা নৱেম্বৰ মাহৰ পৰা মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব।
ইয়াৰ লগতে বকতাৰ ঐতিহাসিক বাখৰ বেঙেনা বৃক্ষৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে বকতা বৰ দেওধাইশালৰ উন্নয়নৰ বাবে ১ কোটি টকা ঘোষণা কৰে মুুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।









