আশ্বৰ্যকৰ! ATMৰ ভিতৰত সোমাল হৰিণ, তাৰ পিছত…

নিউজ ডেস্কঃ কুকুৰৰ ভয়ত এটিএমৰ ভিতৰত সোমাই আৱদ্ধ হৈ পৰিল এটা হৰিণ।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’।

ভাইৰেল ভিডিঅ’টো গুজৰাটৰ আমৰেলী জিলাৰ ধাৰীৰ বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত এটা বন্ধ এটিএমৰ ভিতৰত আৱদ্ধ হৈ পৰা দেখা গৈছে।

ভিডিঅ’টোত কুকুৰৰ ভুকনি শুনালৈ চাই কুকুৰৰ ভয়তে হৰিণটো এটিএমৰ ভিতৰত সোমোৱা বুলি অনুমান কৰা হৈছে।

কিন্তু এটিএমৰ দুৱাৰখন বন্ধ হৈ পৰাৰ বাবে ভিতৰত আৱদ্ধ হৈ পৰে হৰিণটো।

অৱশ্যে পিছত সুৰক্ষিতভাৱে হৰিণটোক মুকলি কৰি দিয়া হয়।

এই ভাইৰেল ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা।