অসমবাসীৰ আশীৰ্বাদ পালে হিমালয়ৰ শৃংগতো আৰোহণ কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিয় ক’লে এই কথা…

নিউজ ডেস্কঃ ৰাইজৰ আশীৰ্বাদ লাভ কৰি থাকিলে হিমায়লৰ শৃংগও আৰোহণ কৰিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এক অনুষ্ঠানত ভাষণ দি নিজেই এই কথা ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমৰ উন্নয়ৰ কথা দোহাৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমবাসীৰ আশীৰ্বাদৰ বাবেই আজিৰ চৰকাৰে আৰু তেওঁ হাজাৰ হাজাৰ কোটিটকীয়া কাম কৰিবলৈ সক্ষম হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘বহুতে মোক প্ৰশ্ন কৰে- আগতেও মুখ্যমন্ত্ৰী আছিল। কিন্তু আপুনি কেনেকৈ ইমান হাজাৰ হাজাৰ টকীয়া কাম কৰি আছে? চৰকাৰ ধাৰত গৈছে নেকি?’

মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয়, ‘… মই এটাই কথা ক’ব পাৰো- আপোনালোকৰ আশীৰ্বাদ ইমান ডাঙৰ শক্তি যে এই আশীৰ্বাদ মোৰ মূৰৰ ওপৰত থাকিলে মই হিমায়লৰ শৃংগতো আৰোহণ কৰিব পাৰো।’

বিগত ডেৰ বছৰত অসমৰ পৰা ঋণাত্মক চিন্তা নোহোৱা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া অসমৰ মানুহে বৰ্ণ, ধৰ্ম, পিকেটিং আদি পাহৰি গৈছে। তাৰ বিপৰীতে এক অৰ্থনৈতিক বিল্পৱ আৰম্ভ হৈছে।

মুখ্যমন্ত্ৰীৰ মতে, এতিয়া অসমক এটাই বস্তুৰ পৰা মুক্তি লাগে। সেয়া হৈছে- আন্দোলন।

সেয়ে মুখ্যমন্ত্ৰী শৰ্মাই সকলো দল-সংগঠনক আন্দোলন নকৰিবলৈ আহ্বান জনায়।