আশ্বৰ্যকৰ! প্ৰথমবাৰৰ বাবে মন্দিৰত ভগৱানৰ সন্মুখত ৰবট হাতী আগবঢ়ালে ভক্তই…

নিউজ ডেস্কঃ দক্ষিণ ভাৰতৰ মন্দিৰত হাতী দান কৰাটো এক মহৎ দান বুলি গণ্য কৰা হৈ আহিছে।

কিন্তু এইবাৰ মন্দিৰত প্ৰকৃত হাতীৰ পৰিৱৰ্তে এটা ৰবট হাতী দান কৰিলে ভক্তই।

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো মন্দিৰত এনেদৰে ৰবট হাতী দান কৰে ভক্তই।

অহা ২৬ ফেব্ৰুৱাৰীত কেৰালাৰ ইৰিঞ্জলাকুডাৰ সমীপৰ শ্ৰীকৃষ্ণ মন্দিৰত আয়োজন হ’বলগীয়া নদয়িৰুথাল অনুষ্ঠান (মন্দিৰত ভগৱানৰ আগত হাতী আগবঢ়োৱাৰ অনুষ্ঠান)ৰ বাবে সাজু কৰি তোলা হৈছে ৰমন নামৰ ৰবট হাতীটো।

৫টা মটৰেৰে বিশেষভাৱে নিৰ্মাণ কৰা এই হাতীটো মন্দিৰলৈ আগবঢ়াইছে ভক্তৰ এটা দলে।

হাতীটো অতি নিখুটভাৱে নিৰ্মাণ কৰি উলিয়াইছে চালাকুডিৰ নিৱাসী প্ৰশান্ত, চান্তু, জিনেশ আৰু ৰবিন নামৰ চাৰিগৰাকী ভাস্কৰ্য শিল্পীয়ে।

ভাস্কৰ্য শিল্পী প্ৰশান্তই জানিবলৈ দিয়া মতে, এই ৰবট হাতীটো এনেদৰে ডিজাইন কৰা হৈছে যে মাউটে হাতীটোৰ গতি নিয়ন্ত্ৰণ কৰিব পাৰে। লগতে শুৰেৰে পানীও ছটিয়াব পাৰে হাতীটোৱে।

মন্দিৰৰ অন্যতম বিষয়ববীয়া ৰাজকুমাৰ নামবুথিৰীৰ মতে, হাতী ভাড়াৰ বাবে লাখ লাখ টকা খৰচ কৰিবলগীয়া সমসাময়িক সময়ত ৰবটৰ পথ বাছি লোৱাটো ভুল নহয়।