ভয়ংকৰ দুৰ্ঘটনা! টাটা নেনোৰ সৈতে মুখামুখি খুন্দাত ৰাজপথত ওফৰি পৰিল বিলাসী মহিন্দ্ৰা থাৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

টাটা নেনোৰ সৈতে মুখামুখি খুন্দাত ৰাজপথত ওফৰি পৰিল বিলাসী মহিন্দ্ৰা থাৰ।

ছত্তীশগড়ৰ দূৰ্গ চহৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন টাটা নেনো গাড়ী আৰু এখন মহিন্দ্ৰা থাৰ গাড়ীৰ মুখামুখি সংঘৰ্ষ হৈছিল।

ইয়াৰ পিছতে থাৰ বাহনখন ৰাজপথত ওফৰি পৰে। যি দৃশ্য প্ৰত্যক্ষ কৰি মানুহবোৰ আচৰিত হৈ পৰে।

জানিব পৰা মতে মহিন্দ্ৰা থাৰ গাড়ী খন দ্ৰুত গতিত আহি আছিল। তাৰ পিছত বিপৰীত দিশৰ পৰা আহি থকা এখন টাটা নেনোৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ইয়াৰ পিছত, থাৰ খন ঘটনাস্থলীত মাজৰ ৰাস্তাত ওলোটাই পৰি যায়।

আনহাতে টাটা নেনো খনৰ কেৱল সন্মুখৰ অংশটো হে ক্ষতিগ্ৰস্ত হৈছিল।

সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।