অসমীয়াখেল

আশাহত ক্ৰীড়াপ্ৰেমী! IBA বিশ্ব মহিলা বক্সিঙৰ পৰা বাহিৰ হ’ল লাভলীনা

নিউজ ডেস্কঃ ইস্তানবুলত অনুষ্ঠিত হৈ থকা আইবিএ বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাৰ পৰা বিদায় ল’বলগীয়া হ’ল অসম কন্যা লাভলীনা বৰগোঁহাইয়ে। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আইবিএ স্বীকৃতিপ্ৰাপ্ত এফচিটিৰ খেলুৱৈ কিনডি নাগামবা ডিজনেকেউৰ বিৰুদ্ধে ৰিঙত নামি ৪-১ পইণ্টৰ ব্যৱধানত পৰাস্ত হয় লাভলীনা।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ পৰাজয়ে আশাহত কৰিছে ক্ৰীড়াপ্ৰেমীক। ভাৰতীয় ক্ৰীড়া বিশেষজ্ঞ সকলো লাভলীনাৰ জয়ত লৈ বিশ্বাসী আছিল যদিও অৱশেষত খেলুৱৈগৰাকীৰ পৰাজয়ত হতভম্ব হৈ পৰিছে সকলো।

আনহাতে লাভলীনাই আইবিএৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হলেও বৰ্তমানো অসমীয়াৰ বাবে আশাৰ বাহক হৈ আছে বক্সাৰ অংকুশিতা বড়ো। অহা ১৫ মে’ত ৰিঙত নামিব অংকুশিতাই।

ৰিঙত অৱতীৰ্ণ হোৱাৰ পূৰ্বে সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীয়ে অংকুশিতাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে খেলুৱৈগৰাকীৰ বিজয়ৰ বাবে আশাৰে বাট চাইছে।

প্ৰণিধানযোগ্য যে, অংকুশিতা বড়োৰ খেলৰ সময়ত তুৰস্কৰ ৰিঙৰ কাষত উপস্থিত থাকিব বক্সিং ইন্ডিয়াৰ সচিৱ প্ৰধান তথা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতাও।

Leave a Reply

Your email address will not be published. Required fields are marked *