অসমঅসমীয়া

আকৌ চৰ্চাত আচাৰ্য পংকজ পাঠক; ফেচবুকত পৰেশ বৰুৱাক দিলে এইবিধ ঔষধৰ পৰামৰ্শ…

নিউজ ডেস্কঃ ৰাজ্যজুৰি পুনৰ আলফা স্বাধীন চৰ্চাৰ বিষয় হৈ পৰাৰ সময়তে এইবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ চিকিৎসা কৰিবলৈ সাজু হৈছে পংকজ পাঠক। হয়, আচাৰ্য পংকজ পাঠক।

কিছু বছৰ পূৰ্বে হঠাৎ চৰ্চালৈ অহা আচাৰ্য পংকজ পাঠক শেহতীয়াকৈ যেন ভিৰৰ মাজত হেৰাই গৈছিল। কিন্তু এতিয়া সামাজিক মাধ্যম ফেচবুকত পৰেশ বৰুৱাৰ ৰোগৰ চিকিৎসা পৰামৰ্শ দিয়েই পুনৰ চৰ্চিত হৈ পৰিছে পংকজ পাঠক।

সংবাদ মাধ্যমত পৰেশ বৰুৱাৰ এটা ভিডিঅ’ সাক্ষাৎকাৰৰ পিছত আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীৰ কাহৰ দৰৱ হিচাপে আচাৰ্য পংকজ পাঠকে উল্লেখ কৰিলে ‘কাঁহৰ (আচলতে ‘কাহৰ’) যমকাল’ নামৰ এটা আয়ুৰ্বেদিক ঔষধৰ।

photo1652523068

পৰেশ বৰুৱাই ‘খুকুৰ খুকুৰ’ কাহি থকা শুনা পাই কাৰোবাৰ যোগেদি এই ঔষধটো তেওঁৰ দোকানৰ ক্ৰয় কৰিবলৈ আহ্বান জনালে আচাৰ্য পংকজ পাঠকে।

পংকজ পাঠকে তেওঁৰ ফেচবুক পোষ্টটোত লিখিছে- ”পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ সাক্ষাৎকাৰ যোৱাকালি চালো জাৰীৰ হুচেইন ডাঙৰীয়াৰ লগত। আপোনাৰ দীৰ্ঘায়ু কামনা কৰি আপোনালৈ এটা সামান্য পৰামৰ্শ আগবঢ়ালোঁ। আপুনি টিভিত কথা কম আৰু কাহি থকা বেছি দেখা পালো। প্ৰায় প্ৰতিবাৰ আপুনি যেতিয়া ফোন কৰে কোনো চেনেলত, প্ৰতিবাৰেই আপোনাক খুকুৰ-খুকুৰ কৰি থকা শুনা পাওঁ।

link

আপুনি কোনোবা মানুহ পঠাই আমাৰ দোকানৰ পৰা আমাৰ এই ‘কাহৰযমকাল’ এটা লৈ লব। এইটো খালে যিমান পুৰণি কাহ হলেও আপুনি ভাল পাব।

কাহৰ লগতে হাঁপানী, ব্ৰংকাইটিছ, এলাৰ্জি কাহ আদিৰ বাবেও বহুত উপকাৰী। আপুনি এইটো অনলাইন অৰ্ডাৰ কৰিও লব পাৰিব। কিন্তু ভাৰতৰ বাহিৰত আমি ডেলিভাৰী নিদিওঁ।’’

আচাৰ্য পংকজ পাঠকে ফেচবুকত দিয়া এই পৰামৰ্শই এতিয়া লাভ কৰিছে বিশেষ চৰ্চা। সমান্তৰালভাৱে তেওঁ উল্লেখ কৰা দৰৱৰ নামটোকলৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

‘কাঁহ’ আৰু ‘কাহ’ৰ মাজৰ পাৰ্থক্য পাহৰি ‘কাঁহৰ যমকাল’ নামেৰে নামকৰণ কৰা পংকজ পাঠকৰ এই ঘৰুৱা আয়ুৰ্বেদিক ঔষধটো প্ৰকৃততে কাহৰ দৰৱ নে ‘বাচন ধোৱা (কাঁহ) চাবোন বুলিও বহুজনে্ সমালোচনা কৰা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *