অসমঅসমীয়া

দলঙত খুন্দিয়াই জ্বলি ভস্মীভূত হ’ল এল্ট’ বাহন…

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা।

দুৰ্ঘটনাৰ পিছতে জ্বলি ভস্মীভূত হ’ল এখন এল্ট’ বাহন।

এই দুৰ্ঘটনা সংঘটিত হ’ল ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত তাৰঘাট অঞ্চলত।

এই দুৰ্ঘটনাত পাঁচজনকৈ যুৱক আহত হয়।

জানিব পৰা মতে, এ এছ ১৬ ডি/৮৮৫৫ নম্বৰৰ এখন অল্ট’ গাড়ী গৌৰীপুৰৰপৰা আলমগঞ্জ অভিমুখে গৈ থাকোতে তাৰঘাট দলঙত তীব্রবেগে খুন্দা মাৰে।

photo 2022 05 04 11 00 25

ফলত বিদ্যুৎ বিজুতি ঘটি গাড়ীখনত অগ্নিসংযোগ ঘটে আৰু দাওদাওকৈ জ্বলি উঠাত গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও স্থানীয় ৰাইজে পাঁচজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পাছত গৌৰীপুৰ আৰক্ষীয়ে আহতসকলক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

উক্ত ঘটনাত আহত হয় ক্রমে আছৰাফ আলী (২৬), আৰিফুল ইছলাম (২২), মোকলেছুৰ বহমান (২০), মোজাফোৰ আলী (২২) আৰু আব্দুল হামিদ।

লগতে চাওকঃ

মদ খাবলৈ ১ ঘণ্টাতকৈও অধিক সময় যাত্ৰীবাহী ৰে’ল ৰখাই থলে চালকে, লাগিল হাহাকাৰ…

G01

Leave a Reply

Your email address will not be published. Required fields are marked *