অসম

আলফা (স্বাঃ) যোগদান কৰিলে নেকি উদীয়মান কণ্ঠশিল্পী অভিলেখ বড়াই?

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ত অব্যাহত আছে অসমীয়া যুৱক-যুৱতীয়ে যোগদান প্ৰক্ৰিয়া।

প্ৰায় প্ৰতিদিনে আলফালৈ গৈছে এজনৰ পিছত আন এজন যুৱক।

এইবাৰ মৰাণৰ উদীয়মান কণ্ঠশিল্পী আলফা(স্বা)ত যোগদানৰ সন্দেহ।

পত্নী আৰু দুবছৰীয়া সন্তানক এৰি অভিলেখৰ আলফাত যোগদানৰ সন্দেহ।

৫ মে’ৰ পৰা নিৰুদ্দেশ কণ্ঠশিল্পী অভিলেখ বৰা।

মোবাইল মেৰামতি কৰিবলৈ গৈ উভতি নাহিল কণ্ঠশিল্পী গৰাকী।

ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই যোগাযোগ বিচ্ছিন্ন হৈ আছে পৰিয়ালৰ সৈতে।

ইয়াৰ পাছতেই চিন্তিত হৈ পৰিছে পৰিয়াল বৰ্গ।

অভিলেখৰ পত্নী আৰু সন্তানে কান্দি কান্দি উভতি আহিবলৈ তেওঁক আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *