অসম

আজিৰে পৰা ৰাজ্যৰ ৪৬ হাজাৰ বিদ্যালয়ত ৩টা পৰ্যায়ত হ’ব গুণোৎসৱ…

বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ গুণোৎসৱ।

আজি গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ ৩৩ খন জিলাত ১১ মে’ৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হ’ব গুণোৎসৱ।

অহা ১১ মে’ৰ পৰা চাৰি জুনলৈ অনুষ্ঠিত হ’ব গুণোৎসৱ।

তিনিটা পৰ্যায়ত হ’বলগীয়া এই গুণোৎসৱত মুঠ ৩৩ খন জিলাৰ ৪৬ হাজাৰ বিদ্যালয়ে অংশগ্রহণ কৰিব।

১১ মে’ৰ পৰা ১৪ মে’লৈ হ’বলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱত মুঠ ১০ খন জিলাই অংশগ্রহণ কৰিব।

এই জিলাসমূহ ক্রমে- বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু নগাঁও।

২৩ মে’ৰ পৰা ২৬ মেলৈ হ’বলগীয়া দ্বিতীয় পর্যায়ৰ গুণোৎসৱত ১২ খন জিলাক সামৰি লোৱা হ’ব।

এই জিলাকেইখন ক্রমে বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ, তিনিচুকীয়া আৰু ওদালগুৰি।

আনহাতে ১ জুনৰ পৰা ৪ জুনলৈ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱত অংশগ্ৰহণকাৰী জিলাৰ সংখ্যা ১১ খন।

এই জিলাকেইখন ক্রমে বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাচাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, নলবাৰী, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং।

৩৩ খন জিলাৰ মুঠ ৪৬ হেজাৰ বিদ্যালয়ৰ ৪২,৫০,২২৪ ছাত্র-ছাত্রী অংশগ্ৰহণ কৰিব এইবাৰ গুণোৎসৱত।

আনহাতে বাহিৰৰ পৰা যাবলগীয়া নিৰীক্ষণৰ সংখ্যা হ’ব ১৮,৭৫২ গৰাকী।

এইসকল নিৰীক্ষকৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ লগতে অন্যান্য মন্ত্ৰী, বিধায়ক, ৰাজ্যৰ মুখ্য সচিবসহ জ্যেষ্ঠ আই এ এছ, আই পি এছ আৰু আই এফ এছ বিষয়াৰ উপৰি চৰকাৰৰ প্ৰথম শ্ৰেণীৰ বিষয়া থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *